অসমীয়া প্ৰেৰণামূলক বাণী (Assamese motivational quotes) :
Motivational quotes about Life in Assamese ( জীৱনৰ বিষয়ে কিছু প্ৰেৰণামূলক বাণী) :
আপুনি কেতিয়াও বিফল নহয়, হয়তো আপুনি জয়ী হয় নাইবা শিকে হে ।
চমু বিৱৰণ : জীৱনত বাটত কেতিয়াবা বিফলতাৰ সন্মুখীন হব লগা হয় কিন্তু তাৰ মানে এইটো নহয় যে আমি কামটো কৰিব নোৱাৰিম । আমি আমাৰ বিফলতাৰ পৰা শিক্ষা হে লোৱা উচিত। সেই মতে আকৌ প্ৰচেষ্টা কৰিলে নিশ্চয় সফল হম।
সফলতাই চূড়ান্ত নহয়; বিফলতা শেষ নহয়: আগবাঢ়ি যোৱাৰ সাহসেই গুৰুত্বপূৰ্ণ সৌন্ধ্যৰ্য ।
চমু বিৱৰণ : সফলতাই যে জীৱনৰ একমাত্ৰ উদ্দেশ্য সেয়া কেতিয়াও নহয় বা বিফলতাই যে জীৱনৰ শেষ সেয়াও নহয়। কেতিয়াবা সফল আৰু কেতিয়াবা বিফল হোৱাটো অতি স্বাভাৱিক। এয়াইটো জীৱনৰ বৈশিষ্ট্য। আমি আগুৱাই গৈয়ে থাকিব লাগিব ।
"অভিজ্ঞতা হৈছে কঠিন শিক্ষক কাৰণ ই প্ৰথমে পৰীক্ষা লয়, শিকনি পিছতহে দিয়ে ।"
চমু বিৱৰণ: অভিজ্ঞতা হৈছে আটাতকৈ ভাল শিক্ষক কিয়নো ইয়াৰ পৰা আমি যি শিক্ষা পাও সেয়া কেতিয়াও পাহৰি যোৱা নহয় । সদায় অভিজ্ঞতা অৰ্জন কৰিব লাগে। কেতিয়াও কাম এটা কৰাৰ পৰা দূৰত থাকিব নালাগে।
"লক্ষ্য নিৰ্ধাৰণ কৰাটোৱেই হৈছে অদৃশ্যক দৃশ্যমানলৈ ৰূপান্তৰিত কৰাৰ প্ৰথম পদক্ষেপ ।"
চমু বিৱৰণ: আমাৰ সদায় নিৰ্দিষ্ট লক্ষ্য থকা উচিত । লক্ষ্য নোহোৱাকৈ আগ বাঢ়িব নোৱাৰি । লক্ষ্য আমাক প্ৰেৰণা দিয়ে আগবাঢ়ি যাবলৈ। সফলতা অৰ্জনৰ প্ৰথম খোজ হৈছে লক্ষ্য নিৰ্ধাৰণ কৰা ।
জীৱনে আপোনাক যি দিয়ে তাতেই সন্তুষ্ট নহব , জীৱনটোক ভাল কৰক আৰু কিবা এটা গঢ়ি তোলক।
চমু বিৱৰণ: কেতিয়াবা কিছুমান মানুহ সৰু কিবা এটা কাম কৰি সন্তুষ্ট হৈ বহি পৰে , তেনে লোক এলেহুয়া প্ৰজাতিৰ হয় । জীৱনত কৰ্ম কেতিয়াও শেষ নহয় । ভাল কাম কৰিলে জীৱনটো সদায় সহজ হয়।
নিৰাশাবাদীয়ে প্ৰতিটো সুযোগতে অসুবিধা দেখে। আশাবাদীয়ে প্ৰতিটো অসুবিধাতে সুযোগ দেখে।
চমু বিৱৰণ: জীৱনত প্ৰয়োজন আছে যোগাত্মক দৃষ্টভঙ্গীৰ , সফলতা অৰ্জনৰ বাবে ইয়াৰ প্ৰয়োজন অত্যাধিক।
"জীৱনটো সমাধান কৰিবলগীয়া সমস্যা নহয়, অভিজ্ঞতা লাভ কৰিবলগীয়া বাস্তৱতাহে ।"
চমু বিৱৰণ: জীৱনৰ বাটত বহুতো ভাল বেয়া অভিজ্ঞতাৰ সন্মুখীন হব লগা হয় , আমি সেয়া উপভোগ কৰিব লাগে আৰু তাৰ পৰা শিক্ষা লব লাগে।
"নিজৰ ঘাঁবোৰক জ্ঞানলৈ ৰূপান্তৰিত কৰক ।"
চমু বিৱৰণ: জীৱনত বহুত বাৰ বিফল হব লগা হয় কিন্তু কেতিয়াও ৰৈ যাব নালাগে। তাৰ পৰা আমি জ্ঞান হে লব লাগে।
জীৱন কেতিয়াও সহজ নহয়। কৰিবলগীয়া কাম আছে আৰু পূৰণ কৰিবলগীয়া বাধ্যবাধকতা আছে – সত্যৰ প্ৰতি, ন্যায়ৰ প্ৰতি, আৰু স্বাধীনতাৰ প্ৰতি বাধ্যবাধকতা ।
জীৱনটো এটা মুদ্ৰাৰ দৰে, আপুনি যিকোনো ধৰণে খৰচ কৰিব পাৰে, কিন্তু আপুনি মাত্ৰ এবাৰহে খৰচ কৰিব পাৰে।
0 Comments